Commons:আদৰণি

From Wikimedia Commons, the free media repository
Jump to navigation Jump to search

ৱিকিমিডিয়া কমন্স কি?[edit]

ৱিকিমিডিয়া কমন্স এটি মনোৰঞ্জনৰ তথ্য ভাণ্ডাৰ। যি জনসাধাৰণৰ বাবে উন্মুক্ত ডোমেইন আৰু বিনোদনমূলক উপাদান যেনে, চিত্র/ছবি, শব্দ আৰু চলচ্চিত্র ইত্যাদি হাতৰ কাষতে পোৱাত সহায় কৰিছে। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ বিভিন্ন প্রকল্পৰ এটি সাধাৰণ মাধ্যম, আৰু ইয়াৰ ব্যৱহাৰৰ বাবে আপুনি কোনো প্রকল্পৰ অন্তর্ভুক্তও হ’ব নালাগে। ইয়াৰ যাত্রা আৰু পৰিচালনা বানিজ্যিকভাৱে কোনো নিয়োজিত শিল্পীৰ মাধ্যমৰে হোৱা নাই বৰঞ্চ ই এটা স্বেচ্ছাসেৱকসকলৰ অৱদান। ৱিকিমিডিয়া কমন্সৰ পৰিসীমা অন্য প্রকল্পৰ সীমা বহির্ভুত কৰি ৰখা হৈছে। ৱিকিমিডিয়া কমন্সে সেই একেই ৱিকি-প্রযুক্তি ব্যৱহাৰ কৰিছে যি ৱিকিপিডিয়াত ব্যৱহৃত হয় আৰু যিকোনো লোকেই এইয়া সম্পাদনা বা সংযোজন কৰিব পাৰে। অন্যান্য প্রকল্পত সংৰক্ষিত ফাইলবোৰতকৈ ই্য়াৰ বিশেষত্ব হ’ল ইয়াত পূনঃব্যৱহাৰৰ লক্ষ্য পূৰ্ণ ফাইলবোৰ প্ৰত্যক্ষ ভাৱে অন্য প্রকল্পত ব্যবহাৰ কৰিব পৰা যায়।

২০০৪ চনৰ ৭ চেপ্তেম্বৰত যাত্রা আৰম্ভ কৰি, ৩০ নবেম্বৰ ২০০৬ চনৰ ভিতৰত এটি ১,০০০,০০০ বিনোদনমূলক ফাইল সংৰক্ষণৰ উদাহৰণ স্থাপন কৰে আৰু বর্তমান এই ফাইলৰ সংখ্যা 64,291,936টা আৰু প্ৰবন্ধৰ সংখ্যা 62,907,833টাৰ, যি এক উল্লেখযোগ্য সংগ্রহ। এইবোৰ সংগ্রহ আৰু নেপথ্যৰ বিষয়ে অধিক মানসম্মত বিষয় জানিবলৈ চাওক: ৱিকিমিডিয়া কমন্স সংশ্লিষ্ট ৱিকিপিডিয়া পৃষ্ঠা আৰু মেটা-ৱিকিত সংৰক্ষিত পৃষ্ঠাসমূহ

অন্য তথ্যভাণ্ডাৰৰ লগত ইয়াৰ ব্যতিক্রমধর্মী পার্থক্য হ'ল, মানসম্মত বিষয়সমূহৰ ব্যৱহাৰ, বিতৰণ বা সংগ্ৰহ সম্পূৰ্ণ মূক্ত। ই নেপথ্য কুশীলব সকলৰ অৱদানৰ স্বীকৃতি প্রদান কৰে: ইয়াৰ সকলো বিষয় সম্পাদনা বা সংযোজন, বিয়োজন আৰু পৰিবৰ্দ্ধনৰ অধিকাৰ সকলোৰে আছে। ইয়াৰ অন্তৰ্গত সমূহ সংগ্রহ উন্মুক্ত অবানিজ্যিক অনুমোদনৰ দ্বাৰা পৰিচালিত। এইবোৰৰৱিকিমিডিয়া বহির্ভুত মাধ্যমত ব্যৱহাৰ আৰু পূনঃব্যৱহাৰ সম্পর্কে ফাইলৰ সংশ্লিষ্ট পৃষ্ঠাত বিতং বর্ণনা দিয়া আছে।

অংশগ্ৰহন

আপোনাৰ সামৰ্থ অনুসৰি আপুনিও ইয়াৰ অংশীদাৰ হ'ব পাৰে:

আপোনাৰ সৃষ্টিশীলতা প্রকাশ কৰক[edit]

আপুনি যদি এজন আলোকচিত্ৰশিল্পী নিসংকোচে আপোনাৰ মূল্যবান চিত্ৰ/চিত্ৰশিল্প দান কৰক। আপুনি যদি এজন ভাল চিত্ৰশিল্পী তেন্তে ছবি আৰু এনিমেছনৰ বাবে আপোনাৰ সহযোগিতাৰ একান্ত প্রয়োজন। আপুনি যদি সংগীতশিল্পী বা মঞ্চশিল্পী তেন্তে আপোনাৰ সৃষ্টিশীলতাৰ উন্মুক্ত নিদর্শন ইয়াত থ’ব পাৰে।

আপোনাৰ প্ৰতিভাৰ বিকাশ ঘটাওক[edit]

মাত্ৰ ফাইল সংগ্রহ আৰু ছপাৰ বাহিৰেও আৰু বহু গুৰুত্বপূৰ্ণ কাম আছে য'ত আপুনি আপোনাৰ প্ৰতিভাৰ স্বাক্ষৰ দেখুৱাব পাৰে:

আমাক সময় দিয়ক[edit]

এজন ভাল লিখক বা শিল্পী হ'বই লাগিব বুলি কোনো বাধ্যবাধকতা নাই। একঘেয়ামী জীৱনৰ বাহিৰত সৃষ্টিশীল কাম-কাজত আপোনাৰ প্ৰতিভাৰে সহায় কৰক।

প্ৰৱেশ

ছবি/ফাইল উত্তোলনৰ বাবে আপুনি ৱিকিমিডিয়া কমন্সত প্ৰৱেশ কৰিব লাগিব অৰ্থাৎ লগ-ইন কৰিব লাগিব। লগ-ইন কৰিবলৈ ক্লিক কৰক "লগ-ইন/ব্যবহাৰকাৰী একাউণ্ট খোলা" লিংকত যি পৃষ্ঠা আছে তাৰ ওপৰলৈ দেখা যাব। সকলো সম্পাদনৰ বাবে প্ৰৱেশ কৰাটো আৱশ্যক নহয় যদিও আমি প্ৰৱেশ কৰাটো বিছাৰো যাতে আপোনাৰ অৱদান চিনাক্ত কৰা যায়। আপুনি যদি সমন্বিত প্ৰৱেশ সুবিধা ভোগ কৰি আছে তেন্তে যিকোনো এটি প্ৰকল্পৰ প্ৰৱেশ অধিকাৰে ৱিকিমিডিয়া কমন্সত অন্তৰ্ভুক্ত কৰিব।

প্রথম শিক্ষামূলক নির্দেশনা

আমাৰ সাহায্যকাৰী ফাইল প্রথম পদক্ষেপ আৰু সততে উদিত প্রশ্নসমূহে আপোনাক প্ৰৱেশৰ পৰা আৰম্ভ কৰি পছন্দ অনুযায়ী পৃষ্ঠা সজোৱা, ফাইল উত্তোলন আৰু মৌলিক অনুজ্ঞাপত্ৰ নীতি সম্পর্কে অৱগত কৰিব। ইয়াত বৰঙণি যোগাবলৈ কোনো কুশলী হোৱাৰ প্রয়োজন নাই দৃঢ় প্রতিজ্ঞ হৈ বৰঙণি আগবঢ়াওক আৰু অন্যসকলৰ আস্থা অর্জনৰ চেষ্টা কৰক। এইটো এটা ৱিকি - ই সঁচাকৈ সহজ।

বিস্তাৰিত তথ্যৰ বাবে সমাজৰ বাটচ'ৰা চাওক। কোনো প্রশ্ন থাকিলে ভিলেজ পাম্প বা আইআৰচি চেনেল #wikimedia-commons ব্যবহাৰ কৰক। ৱিকিমিডিয়া কমন্সত ফাইলসমূহ শ্রেণীবদ্ধভাবে আৰু গেলেৰীত সজাই থোৱা থাকে। মূল পৃষ্ঠাত এই সম্পৰ্কে ধাৰণা পাব।

সহযোগী সেৱা আৰু চফ্টৱেৰ

আপুনি যদি বিচাৰে বহুটো ছবি একেলগে উত্তোলন কৰিবলৈ তেন্তে আমাৰ কমনিষ্ট প্রোগ্রামৰ সহায় গ্রহণ কৰিব পাৰে। বিশেষ কোনো তথ্যৰ বাবে চাওক ছফ্টৱেৰ সংশ্লিষ্ট পৃষ্ঠা.

আমি আশা কৰো ৱিকিমিডিয়া কমন্স আপোনাৰ বাবে মনোৰঞ্জক আৰু চিত্তাকর্ষক হ'ব।